Loading...
Loading...
সুপ্ৰাচীন তামিল সভ্যতাৰ শক্তিশালী বৌদ্ধিক পৰম্পৰাৰ অন্যতম বাহক বুলি ক’ব পৰা গ্ৰন্থ হৈছে খ্ৰীষ্টপূৰ্ব ষষ্ঠ-প্ৰথম শতিকাত ৰচনা করা মহৰ্ষি তিৰুৱল্লুৱৰৰ অন্যতম অমৰ সৃষ্টি ‘তিৰুকুৰল’। কোনো ধৰণৰ ঈশ্বৰোপাসনাৰ পদ্ধতিৰ কথা এই গ্ৰন্থত পোৱা নাযায়। প্ৰকৃতিগতভাৱে তিৰুকুৰল এখন নীতিশাস্ত্ৰ; ব্যক্তিনিৰ্মাণ আৰু সমাজগঠন সম্পৰ্কীয় বহু উচ্চ আদৰ্শ আৰু নীতি এই গ্ৰন্থত সংকলিত হৈছে। সুস্থ আৰু সাৱলীল জীৱন যাত্ৰাৰ পাথেয়ৰূপে তিৰুকুৰলে অদ্যাৱধি বিশ্ববাসীৰ আগত ভাৰতীয় আদৰ্শৰূপে এলানি সাৰগৰ্ভ নীতি উপস্থাপন কৰিছে। মালিনী গোস্বামীয়ে মূল তামিল ভাষাৰ পৰা গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰে। প্ৰাচীন তামিল হোৱাৰ বাবে মূল ভাষাৰ পৰা অনুবাদৰ সময়ত তামিলৰ লগতে ইংৰাজী আৰু হিন্দী অনুবাদৰো সহায় লোৱা হৈছে।