Loading...
Loading...
আৰম্ভণি টোকা, চিত্তামোদকাব্যৰ সংস্কৃত পাঠ, ইংৰাজী অনুবাদ আৰু পুনৰ্গঠিত পাঠৰ অধিসমীক্ষা— এই তিনিটা ভাগত গ্ৰন্থখন সজোৱা হৈছে। ইয়াত নাগপুৰৰ প্ৰসিদ্ধ পণ্ডিত অধ্যাপক ড° শ্ৰীধৰ ভাস্কৰ বৰ্ণেকাৰৰ এটা মূল্যবান আগকথা যোগ দিয়া হৈছে। তেতিয়ালৈকে অপ্ৰকাশিত ষষ্টিকাদাস নামৰ এজন কবিৰ ‘চিত্তামোদ কাব্য’ নামৰ এখন শতক কাব্য দুখন সাঁচিপতীয়া পুথিৰ পৰা পাঠোদ্ধাৰ কৰি পাঠ-সমীক্ষা পদ্ধতিৰে পাঠ অধ্যয়ন আৰু পাঠ পুনৰ্নিৰ্মাণ কৰা হৈছে। গ্ৰন্থখনত কবিজনক সপ্তদশ শতিকাৰ আগভাগৰ অসমীয়া বৈষ্ণৱ বুলি ঠাৱৰ কৰা হৈছে আৰু তেওঁৰ ওপৰত শ্ৰীশংকৰদেৱৰ ভক্তি ধৰ্মৰ প্ৰভাৱ দেখুওৱা হৈছে।