Loading...
Loading...
ভাৰতীয় ভাষাত প্ৰথমখন সামাজিক নাটক ‘মৃচ্ছকটিকম্’ নামৰ প্ৰকৰণখনৰ নাট্যকাৰ হৈছে শূদ্ৰক নামৰ এজন কবি আৰু নাট্যকাৰ। নাটকখন এতিয়াও চিনেমাৰূপে, মঞ্চনাটকৰূপে আৰু পাঠ্যপুথিৰূপে জনপ্ৰিয়। নাটকখনৰ সমীক্ষামূলক আলোচনাই হৈছে ‘মৃচ্ছকটিক মীমাংসা’। ইয়াত নাট্যকাৰৰ পৰিচয়, প্ৰকৰণৰূপে পৰীক্ষা, কথাবস্তু, উৎস, পটভূমি, চৰিত্ৰসমূহ, নাটকীয় মূল্য, কাব্যিক মূল্য, নাট্যকাৰৰ ব্যক্তিত্ব আৰু নাট্যকৌশল আদি বিষয়ৰ পুংখানুপুংখ বিশ্লেষণ কৰা হৈছে।