Loading...
Loading...
ইংৰাজীত ৰচনা কৰা গ্ৰন্থখনত বিশ্ববিশ্ৰুত সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জীৱন আৰু কৰ্মৰাজিৰ এক নিৰ্মোহ মূল্যায়ন পোৱা যায়। থিছিছৰ নিয়ম অনুসৰণ কৰি লিখা গ্ৰন্থখনত সন্দিকৈৰ বিষয়ে লিখা কিতাপ, স্মৃতিৰচনা, চিন্তাশীল প্ৰবন্ধ আৰু সান্নিধ্যৰ অনুভৱ আদিৰ পৰিচয় দিছে। প্ৰথম অধ্যায়ত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম আৰু কৰ্মৰ পটভূমি, বংশ পৰিচয়, শিক্ষা, ইউৰোপৰ বিভিন্ন ঠাইত উচ্চশিক্ষা আৰু ভাষা শিক্ষা; দ্বিতীয় অধ্যায়ত সন্দিকৈৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, জে.বি. কলেজৰ অধ্যক্ষ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যৰূপে উত্তৰ-পূব ভাৰতত উচ্চ শিক্ষাৰ প্ৰসাৰত অৱদান; তৃতীয় অধ্যায়ত তেওঁৰ গ্ৰন্থকেইখন আৰু প্ৰবন্ধসমূহৰ গাইগুটীয়া পৰিচয় আৰু চতুৰ্থ অধ্যায়ত সন্দিকৈৰ পাণ্ডিত্যৰ মূল্যায়ন (অনুবাদক, সাহিত্য আৰু কলা সমালোচক, পাঠ-সমীক্ষক আদি ৰূপে) কৰা হৈছে। ছাত্ৰ-গৱেষক আৰু সুধীসমাজৰ বাবে গ্ৰন্থখনৰ এটি অসমীয়া সংস্কৰণ প্ৰস্তুত কৰা হৈছে।