Loading...
Loading...
ব্যতিক্ৰমধৰ্মী পঁচিশটা প্ৰবন্ধৰ সংকলন। অসমীয়া সাহিত্যৰ আধুনিক যুগটোত সাহিত্য চৰ্চা কৰা কেইগৰাকীমান বিশিষ্ট ব্যক্তি যেনে— বেজবৰুৱা, পণ্ডিত হেমচন্দ্ৰ গোস্বামী, দণ্ডিনাথ, বাণীকান্ত কাকতি, নলিনীবালা দেৱী, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতিপ্ৰসাদ বৰুৱা, পণ্ডিত তীৰ্থনাথ শৰ্মা, মহেশ্বৰ নেওগ, হিতেশ ডেকা, কেশৱ মহন্ত, ভূপেন হাজৰিকা, খগেন গিৰি ৰায়চৌধুৰী, লক্ষ্মীনন্দন বৰা, হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ, নিৰোদ চৌধুৰী আৰু অৰুণ শৰ্মাৰ সৃষ্টিৰাজীৰ ওপৰত আলোকপাত কৰা হৈছে। পৰিশিষ্টত অন্তৰ্ভুক্ত তিনিটা প্ৰবন্ধ হ’ল— ‘আধুনিক অসমীয়া সাহিত্যত প্ৰাচীন সংস্কৃত সাহিত্যৰ উপাদান’, ‘আধুনিক অসমীয়া কবিতাত উপনিষদৰ অনুৰণন’ আৰু ‘কবিতা, গীতি-কবিতা, গীতি-সাহিত্য’।