Loading...
Loading...
‘অসমত সংস্কৃত চৰ্চাৰ ইতিহাস’ নামৰ গ্ৰন্থখনৰ প্ৰসাৰিত, পৰিশোধিত আৰু পৰিবৰ্ধিত ৰূপ হৈছে ‘অসমত সংস্কৃত সাধনা’। পূৰ্বৰ গ্ৰন্থখনৰ কিছু ত্ৰুটি আঁতৰ কৰি ইয়াক অধিক বিস্তৃত পৰিসৰৰ, অৰ্থাৎ একবিংশ শতিকাৰ আগভাগলৈকে হোৱা ৰচনা আৰু ৰচয়িতাসকলক সামৰি যুগুত কৰা হৈছে। ইয়াত শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে মধ্যযুগৰ সংস্কৃত নাট্যকাৰ, কাব্যকাৰ আৰু শাস্ত্ৰকাৰসকলৰ সংস্কৃত ৰচনাৱলীৰ বহল আলোচনা আগবঢ়োৱা হৈছে।
তদুপৰি ‘অৰুণোদই’ৰ পৰা ‘ৰামধেনু’লৈ অসমীয়া ভাষা-সাহিত্যৰ যুগসন্ধিত সংস্কৃত সাধনাৰ এক পুংখানুপুংখ খতিয়ান পোৱা যায়। বিশেষকৈ অৰুণোদই, বাঁহী, জোনাকী ইত্যাদি আলোচনী আৰু পত্ৰিকাত প্ৰকাশিত সংস্কৃত ভাষা-সাহিত্য বিষয়ক প্ৰবন্ধ, কবিতা আৰু প্ৰাচীন সাহিত্যৰ প্ৰভাৱ সম্পৰ্কে মন্তব্য পোৱা যায়। উনবিংশ শতিকাত ইংৰাজ প্ৰশাসকৰ প্ৰাচীন সংস্কৃত সাহিত্য অধ্যয়নৰ ৰীতি আৰু অসমীয়া সমালোচকৰ ওপৰত তাৰ প্ৰভাৱ, অসমত উচ্চশিক্ষা ক্ষেত্ৰত সংস্কৃতৰ স্থান, আধুনিক আলোচনী, গৱেষণা পত্ৰিকা ইত্যাদিৰ উদ্যোগ আৰু অসমীয়া সাহিত্যৰ সমৃদ্ধিত সংস্কৃতৰ অৱদান সম্বন্ধেও প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। শেষত পঞ্চম শতিকাৰ পৰা একবিংশ শতিকালৈকে ৰচনা হোৱা সংস্কৃত শৈললেখ, তাম্ৰলেখ, কাব্য, কবিতা, শাস্ত্ৰ, নাটক, স্তুতি, গীত আদিৰো গদ্য নিদৰ্শন তুলি দিয়া হৈছে। গৱেষণা গ্ৰন্থখনৰ শেষত প্ৰসংগ আৰু টোকা সংযোগ কৰা হৈছে।