Loading...
Loading...
চাৰিটা অধ্যায় আৰু এটা পৰিশিষ্টত বিভক্ত এই ক্ষীণ কলেৱৰৰ গ্ৰন্থখনত প্ৰাগজ্যোতিষ-কামৰূপৰ পৰিচয়, প্ৰাচীন ভাৰতীয় সাহিত্যত উক্ত প্ৰদেশখনৰ লগত ভাৰতৰ মূল ভূমিৰ সম্পৰ্ক আৰু প্ৰাচীন ভাৰতীয় বিভিন্ন কাব্য-শাস্ত্ৰ আদি লিখিত অভিলেখত এই প্ৰদেশৰ উল্লেখ প্ৰসংগত উদ্ধৃতি দিয়া হৈছে। প্ৰাচীন আৰু মধ্যযুগৰ প্ৰাগজ্যোতিষ-কামৰূপ তথা অসমত সংস্কৃত ভাষা-সাহিত্যৰ চৰ্চাৰ এটি খতিয়ান দাঙি ধৰা হৈছে। লগতে ইয়াণ্ডাবু সন্ধিৰ পৰা বিংশ শতিকাৰ আশীৰ দশকলৈকে অসমত সৃষ্টি হোৱা সংস্কৃত ৰচনাৰ এক খতিয়ান আগবঢ়োৱা হৈছে। কাব্যকাৰ আৰু শাস্ত্ৰকাৰসকলৰ তথা তেখেতসকলৰ ৰচনাৱলীৰ সামান্য পৰিচয় ইয়াত পোৱা যায়।