Loading...
Loading...
শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীৰ কোনো কোনো ঠাইত মহাপুৰুষজনাই তেওঁৰ চিন্তাৰ উৎসৰূপে শ্ৰীধৰ স্বামীৰ টোকাৰ উল্লেখ কৰিছে। শংকৰদেৱৰ ধৰ্ম, দৰ্শন আৰু তাৎপৰ্য আদি শুদ্ধৰূপত বুজিবলৈ হ’লে শ্ৰীধৰ স্বামীৰ ভাগৱতৰ টোকা ‘দীপিকা’ আৰু গীতাৰ টীকা ‘সুবোধিনী’ অধ্যয়ন কৰাটো আৱশ্যকীয়। এই গ্ৰন্থখনত ভগৱদ্গীতা শ্ৰীধৰ স্বামীয়ে লিখা সুবোধিনী নামৰ টীকাৰে সৈতে প্ৰকাশ কৰা হৈছে। গীতাৰ প্ৰতিটো শ্লোকৰ অনুবাদৰ লগতে সুবোধিনী টীকাৰো আক্ষৰিক অনুবাদ ইয়াত পোৱা যায়। ইয়াৰ দ্বাৰা গীতাত ভক্তি আৰু কৰ্মৰ প্ৰাধান্য অনুধাৱন কৰিব পাৰি আৰু শংকৰদেৱ শ্ৰীধৰ স্বামীৰ মতৰ কিমান ওচৰ চাপিছিল তাক ঠাৱৰ কৰিবলৈ গৱেষকসকলৰ সুবিধা হয়।