Loading...
Loading...
১৯৯২ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা বেদ সন্মিলনত উন্মোচন কৰিব পৰাকৈ গ্ৰন্থখন প্ৰস্তুত কৰা হৈছিল। ড° থানেশ্বৰ শৰ্মাৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰা গ্ৰন্থখনত অসমীয়া, সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাত মুঠ ৫০ টা বেদ বিষয়ক প্ৰবন্ধ সংকলন কৰা হৈছে। ভাৰতৰ বিভিন্ন ঠাইৰ সংস্কৃতজ্ঞ পণ্ডিতৰ পৰা প্ৰবন্ধসমূহ সংগ্ৰহ কৰা হৈছে। বেদ সম্পৰ্কীয় বিভিন্ন বিষয়, প্ৰশ্ন, সিদ্ধান্ত আদিৰ যথোচিত আলোচনা গ্ৰন্থখনৰ প্ৰবন্ধসমূহত পোৱা যায়।