Loading...
Loading...
শ্ৰীমন্ত শংকৰদেৱৰ সুউচ্চ ব্যক্তিত্ব আৰু সুব্যাপ্ত ৰচনাৱলীৰ পৰা বিশেষ কেইটামান বিষয় এই গ্ৰন্থখনত সংকলিত হৈছে। ৰচনাকেইখনৰ শিৰোনামসমূহ এনেধৰণৰ— ভক্তি আন্দোলনৰ ৰাজনৈতিক প্ৰেক্ষাপট, শংকৰদেৱৰ প্ৰতিভাৰ পটভূমি, ভক্তি: দাস্যভক্তি আৰু শংকৰদেৱ, শাস্ত্ৰ পাৰংগত শংকৰদেৱ, শংকৰদেৱৰ পুৰাণ বিবেচনা, শংকৰদেৱৰ সংস্কৃত ৰচনা, ৰামায়ণ আৰু শ্ৰীশংকৰদেৱ, শ্ৰীধৰ স্বামী আৰু শংকৰদেৱ, শংকৰদেৱৰ বৰ্ণন বিলাস, শংকৰদেৱৰ নিসৰ্গ চিত্ৰণ, শংকৰদেৱৰ ধাৰণাত নাৰী, শংকৰদেৱৰ ৰসৰুচি, শংকৰদেৱৰ নাটত নাট্যশাস্ত্ৰৰ বিধি আৰু নিষেধ, শংকৰদেৱৰ নাট: সংস্কৃত নাটকৰ আৰ্হি, শংকৰদেৱ আৰু তুকাৰাম: এক সমান্তৰাল আলোচনা, শংকৰদেৱৰ চিন্তাত শিক্ষাবিধি, মাধৱদেৱ: শংকৰদেৱৰ শ্ৰেষ্ঠ নিৰ্মিতি, শংকৰদেৱৰ ৰচনা: পাঠ-সমীক্ষাৰ প্ৰয়োজনীয়তা আদি। ইতিপূৰ্বে অনালোচিত কেইটিমান বিষয় ইয়াত প্ৰথমবাৰৰ বাবে বিদ্যায়তনিক বিচাৰেৰে বিশ্লেষণ কৰা হৈছে। গৱেষণাধৰ্মী প্ৰবন্ধকেইটাত ক্ৰমবদ্ধতা আৰু বিষয়ৰ এককেন্দ্ৰিকতা স্পষ্টভাৱে প্ৰকাশ পাইছে।