Loading...
Loading...
‘ৰঘুৰপি কাব্যম্’ নামৰ গ্ৰন্থখনিত মহাকবি কালিদাসৰ মহাকাব্য ‘ৰঘুবংশ’ৰ এক সমীক্ষাত্মক আলোচনা আগবঢ়োৱা হৈছে। কালিদাসৰ পৰিচয়, মহাকাব্য নামৰ ৰচনাবিধৰ বিশদ পৰিচয়, প্ৰাচ্য-পাশ্চাত্য মহাকাব্যৰ সাদৃশ্য-বৈশাদৃশ্য, কথাবস্তু, শিৰোনাম, উৎস ৰামায়ণৰ লগত ৰঘুবংশৰ তুলনা, চৰিত্ৰসমূহ, কাব্যিক মূল্যায়ন, প্ৰকৃতি, প্ৰেম, অতিপ্ৰাকৃতিক উপাদান, ভাৰতীয় সমাজৰ প্ৰতিফলন, আদৰ্শ, ভৌগোলিক তথ্য, কালিদাসৰ ব্যক্তিত্ব আৰু বৈদগ্ধা আদি বিষয়ক ফঁহিয়াই আলোচনা কৰা হৈছে।