Loading...
Loading...
বিৱেকানন্দ কেন্দ্ৰ হৈছে এগৰাকী ভাৰতীয় মহামনীষী স্বামী বিৱেকানন্দৰ আদৰ্শৰে গঠিত এক সৰ্বভাৰতীয় সংস্থা। স্বামীজীৰ আদৰ্শকে প্ৰতিফলিত কৰিব পৰাকৈ এই অনুষ্ঠানৰ বাবে এটি সংস্কৃত গীত সংস্কৃতজ্ঞ পণ্ডিত ড° শ্ৰীধৰ ভাস্কৰ বৰ্ণেকাৰজীয়ে ৰচনা কৰি উলিয়াইছিল। কেন্দ্ৰৰ প্ৰাৰ্থনাৰূপে গৃহীত আৰু সৰ্বত্ৰ সদা ব্যৱহৃত গীতটিৰ ইংৰাজী ব্যাখ্যাৰ পৰা ‘লক্ষ্য আৰু সাধনা’ নামৰ গ্ৰন্থখন অসমীয়া ভাষাত প্ৰস্তুত কৰি উলিওৱা হৈছে। কেন্দ্ৰৰ মাননীয় সভাপতি পি. পৰমেশ্বৰণৰ আগকথাৰে সৈতে প্ৰাৰ্থনা গীতটিৰ প্ৰতিটো শব্দৰ অৰ্থ আৰু তাৎপৰ্য ব্যাখ্যাৰে এই গ্ৰন্থখনিৰ অসমীয়া অনুবাদ আগবঢ়োৱা হৈছে। কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হাতপুথি ৰূপে গ্ৰন্থখনৰ গুৰুত্ব অপৰিসীম।