Loading...
Loading...
ভাৰতীয় সাহিত্যৰ অন্যতম গৌৰৱৰূপে কালিদাস, ভৱভূতি আদিৰ লগতে গদ্যশিল্পী বাণভট্টৰ নামো পৃথিৱীৰ বৌদ্ধিক সমাজত প্ৰসিদ্ধ। জ্ঞান আৰু তথ্যৰ প্ৰাচুৰ্য আৰু চমকপ্ৰদ গদ্যৰীতিৰ বাবে ‘কাদম্বৰী’ আৰু ‘হৰ্ষচৰিত’ নামৰ দুয়োখন গ্ৰন্থ সমাজবিজ্ঞান আৰু সাহিত্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৱশ্যকীয়। কিতাপখনৰ দীঘলীয়া প্ৰস্তাৱনা বা আগকথাতে সপ্তম শতিকাৰ ভাৰতৰ বৌদ্ধিক পটভূমি, বাণভট্টৰ পৰিচয়, সংস্কৃত গদ্য সাহিত্যৰ শ্ৰেণী বিভাগ আৰু বাণভট্টৰ দ্বাৰা ৰচিত দুখন গ্ৰন্থৰ গদ্যৰ স্বৰূপ-লক্ষণ সম্পৰ্কে বিশদ আলোচনা পোৱা যায়। অলংকাৰ শাস্ত্ৰৰ দ্বাৰা স্বীকৃত ৰূপ আৰু ৰীতি বাণভট্টৰ ৰচনাত বিচাৰি চোৱা হৈছে।
‘হৰ্ষচৰিত’ৰ ঐতিহাসিক চৰ্ৰিত্ৰ সম্পৰ্কে বিশদ চৰ্চা কৰা হৈছে। কথা আৰু আখ্যায়িকা নামেৰে ভাগ কৰা গদ্য সাহিত্যৰ আখ্যায়িকা সত্য তথ্যৰ ওপৰত আধাৰ কৰি ৰচনা হয়। সেয়ে হৰ্ষচৰিতে সপ্তম শতিকাৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক ইতিহাসকো ধৰি ৰাখিছে। গ্ৰন্থখনত হৰ্ষচৰিতৰ সাতোটা উচ্ছ্বাসৰ মূলানুগ অনুবাদ আগবঢ়োৱা হৈছে। এই গ্ৰন্থখনে ২০০৯ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে।