Loading...
Loading...
উচ্চ শিক্ষা, মণ্টেছৰী শিক্ষা, কৃষিবিজ্ঞান, পৰিৱেশ্য কলাৰ শিক্ষা আদি বিষয়ৰ কেইটিমান ৰচনাৰ লগত ১৯৫০ চনত যোৰহাট চহৰত প্ৰতিষ্ঠিত অসমৰ প্ৰথম মণ্টেছৰী স্কুল ‘বাল্যভৱন’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা অৱলা গোঁহাইৰ পঞ্চাশ বছৰীয়া জন্মদিনত উপহাৰৰূপে দিবৰ বাবে এখন অভিনন্দন গ্ৰন্থ প্ৰস্তুত কৰা হৈছিল। ‘গৰিমা’ নামেৰে প্ৰকাশ কৰা গ্ৰন্থখনত শিক্ষাবিষয়ক লেখাৰ লগতে বৰবাইদেউৰ জীৱন, কৰ্ম, ব্যক্তিত্ব, কৃতিত্ব প্ৰভৃতি বিভিন্ন দিশ সামৰি লোৱাৰ উপৰিও বহুজন পুৰণি ছাত্ৰ-ছাত্ৰীয়ে বৰবাইদেউৰ সান্নিধ্যৰ অনুভৱ, অভিজ্ঞতা আদি বিষয়ত আলোকপাত কৰিছে।