Loading...
Loading...
অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা টীকাসহ ‘শ্ৰীমদ্ভাগৱত পুৰাণম্’ (২০০৫) নামৰ গ্ৰন্থখনৰ প্ৰসাৰিত অধ্যয়ন ইয়াত পোৱা যায়। ভাগৱত পুৰাণৰ সামাজিক প্ৰকাশ আৰু প্ৰাসংগিকতাৰে গ্ৰন্থখন আৰম্ভ হৈছে। ভাগৱতৰ পৰিচয় প্ৰসংগত ভাগৱতৰ উৎস, ভাগৱত শব্দৰ অৰ্থ আৰু ব্যাখ্যা, ৰচনাৰ স্থান-কাল আদি বিষয় আলোচনা কৰা হৈছে। ভাগৱতক ভাৰতীয় সাংস্কৃতিক নেতৃত্বৰূপে প্ৰতিষ্ঠা কৰা হৈছে। ভাগৱত ৰচনাৰ ৰাজনৈতিক, সামাজিক, ধৰ্মীয় পটভূমি, ভাগৱত ৰচনাৰ প্ৰস্তুতি, সংকল্প, বিভিন্ন প্ৰকাৰ ব্যৱহাৰিক জ্ঞানকোষৰূপে ভাগৱত, স্কন্ধ আৰু অধ্যায় অনুযায়ী বিষয় বিমৰ্শ আৰু বিস্তৃতি— এইখিনি বিষয়ৰ টোকাৰে গ্ৰন্থখন সমৃদ্ধ হৈছে।