Loading...
Loading...
অসমীয়া ভাষা আৰু সাহিত্যৰ অন্যতম পুৰোধা অধ্যাপক বাণীকান্ত কাকতিৰ জীৱন আৰু কৃতিক সামৰি লিখা এখন চমু জীৱনী। ড° কাকতিৰ পাণ্ডিত্যৰ পটভূমি, তেখেতৰ বাল্যকাল, কটন কলেজ, প্ৰেচিডেন্সী কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ত উচ্চশিক্ষা লাভ আদি ইয়াত আলোচিত হৈছে। দ্বিতীয় অধ্যায়ত কাকতিৰ ইংৰাজী আৰু অসমীয়া ভাষাত ৰচিত গ্ৰন্থসমূহ এখন এখনকৈ আলোচনা কৰা হৈছে। বাহ্যিক অৱয়বত সহজ-সৰল কাকতিৰ প্ৰশাসনিক কঠোৰতা আৰু গৃহস্থী জীৱনৰ চেনেহী অন্তৰখনো ইয়াত ফঁহিয়াই চোৱা হৈছে। কলেৱৰ সৰু হ’লেও লাগতিয়াল টোকা, প্ৰসংগ-উদ্ধৃতি আৰু সৃুচিন্তিত মন্তব্যৰ বাবে গ্ৰন্থখন গৱেষণামূলক হৈ উঠিছে।