Loading...
Loading...
পুৰণি হাতেলিখা পুথিৰ তালিকা প্ৰস্তুতকৰণ (Cataloguing) পাণ্ডুলিপি বিজ্ঞানৰে এটা গুৰুত্বপূৰ্ণ শাখা। আনন্দৰাম বৰুৱা ভাষা, কলা, সংস্কৃতি সংস্থাই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত সিঁচৰিত হৈ থকা হাতেলিখা পুথি সংগ্ৰহৰ এক অভিযান চলাইছিল। সত্ৰ, সংঘ, বিহাৰ, বিশ্ববিদ্যালয়, পুৰাতত্ত্ব বিভাগ, মিউজিয়াম আদিৰ উপৰিও ব্যক্তিগত সংৰক্ষণত থকা পুথিসমূহ বিচাৰ-খোচাৰ কৰি গৰাকীৰ নাম আৰু ঠিকনাৰে সৈতে এখন তালিকা প্ৰস্তুত কৰা হৈছে। এই প্ৰচেষ্টাত একাধিক গৱেষকৰ দ্বাৰা ১১৫৫ খন পুথিৰ তালিকা প্ৰস্তুত কৰা হয়। ইয়াত জ্যোতিষ, মন্ত্ৰ, আয়ুৰ্বেদ, বুৰঞ্জী, চৰিত, দৰ্শন, পূজাবিধি, পুৰাণ, স্মৃতি, ব্যাকৰণ, অভিধান, কাব্য, পদ, নাটক আদি বিষয়ত পুথিবোৰ ভাগ কৰি পুথিৰ নাম, ভাষা, বিৱৰণ, ফলকৰ সংখ্যা আদি বিতংভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। এই কাৰ্য মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ বৃহৎ ৰাষ্ট্ৰীয় পাণ্ডুলিপি প্ৰকল্প (New Catalogus Catalogorum)ৰো অন্তৰ্ভুক্ত হৈছে।